মহা বিপদত অসমৰ ২৪জন যুৱক, মহাৰাষ্ট্ৰৰ পৰা ঘৰলৈ উভতাৰ পথত উত্তৰ প্ৰদেশত আৱদ্ধ


মহা বিপদত পৰিছে অসমৰ ২৪ জন যুৱক। মহাৰাষ্ট্ৰৰ পৰা অসমলৈ উভতাৰ পথত উত্তৰ প্ৰদেশত আৱদ্ধ হৈ পৰিছে যুৱক কেইজন। লকডাউনৰ বাবে আৱদ্ধ হৈ পৰা যুৱককেইজনে বাছযোগে অসম অভিমুখী যাত্ৰা আৰম্ভ কৰিছিল।

কিন্তু মাজ বাটতে লাগিল কেনা। বিকল হৈ পৰিল বাছখনৰ ইঞ্জিন। যাৰ বাবেই উত্তৰ প্ৰদেশত আৱদ্ধ হৈ পৰে দলটো। পিছে এতিয়া বিপদ হৈছে, দলটোৱে যদি শীঘ্ৰে অসমলৈ যাত্ৰা আৰম্ভ নকৰে তেন্তে উত্তৰ প্ৰদেশ প্ৰশাসনে ১৪ দিনৰ কোৱাৰাইণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব যুৱক কেইজনক।

আনহাতে মাজ বাটতে আৱদ্ধ হৈ পৰাত তীব্ৰ খাদ্য সংকটতো ভুগিছে যুৱক কেইজনে। উত্তৰ প্ৰদেশ আৰক্ষী আৰু অসম আৰক্ষীক আবেদন জনাইছে যদিও পোৱা নাই কোনো সহায়। মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ অনুৰোধ যুৱককেইজনৰ।

Have any Question or Comment?

Leave a Reply

Your email address will not be published. Required fields are marked *