ৰে’ল ষ্টেশ্যনত মৃত মাকক জগাবলৈ চেষ্টা কৰা শিশুটিক বিচাৰি উলিয়ালে শ্বাহৰুখ খানে, সহায়ো আগবঢ়ালে।


শ্ৰমিক স্পেচিয়েল ৰে’লত আহমেদাবাদৰ পৰা বিহাৰলৈ আহি থকা এগৰাকী মহিলাৰ মৃতদেহ বিহাৰৰ মোজাফৰপুৰ ষ্টেশ্যনত পৰি আছিল। সেই সময়তে মৃত মাকক এটা কণমানি শিশুৱে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰি আছিল কাৰণ কণমানি শিশুটোৱে হয়তো মৃত্যু কি বুজিব পৰা হোৱা নাছিল। এই ভিডিঅ’টো দেশত ভাইৰেল হৈ পৰিছিল। অৱশেষত ৰেল ষ্টেশ্যনত মৃত মাকক জগাই থকা শিশুটিক বিচাৰি উলিয়াই  সহায় কৰিলে শ্বাহৰুখ খানে।

শ্বাহৰুখ খানৰ মিৰ ফাউণ্ডেচনে ককাক আইতাকৰ লগত শিশু দুটিৰ এখন ফটো লগাই লিখিলে, “এই শিশু দুটিক বিচাৰি উলিওৱাত আমাক যিসকল লোকে সহায় কৰিলে, তেওঁলোকক ধন্যবাদ, মৃত মাকক জগাই থকা ভিডিঅ’টো হৃদয়স্পৰ্শী আছিল। বৰ্ত্তমান সময়ত ককাক আইতাকৰ লগত থকা  এই শিশু দুটিক আমি সহায় কৰিম।” 
শ্বাহৰুখ খানে মিৰ ফাউণ্ডেচনৰ টুইট ৰিটুইট কৰি লিখে ” এই শিশু দুটিক বিচাৰি উলিওৱাত আমাক যিসকল লোকে সহায় কৰিলে, তেওঁলোকক ধন্যবাদ, আমি প্ৰাৰ্থনা কৰিম যাতে  নিজৰ মাকক হেৰুওৱাৰ সেই দুখদায়ক বেদনাক সহ্য কৰিব পৰাকৈ তেওঁলোকে শক্তি লাভ কৰে। মই অনুভৱ কৰিব পাৰিছোঁ তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে। আমাৰ মৰম আৰু চাপৰ্ট তোমালোকৰ লগত আছে ।

উল্লেখ্য যে এটা ভিডিঅ’ত শিশু দুটিৰ ককাকে শ্বাহৰুখ খানে ২ লাখ টকা দিয়াৰ কথা উল্লেখ কৰিছে। মিৰ ফাউণ্ডেচনৰ এই টুইটৰ পাছতে চ’ছিয়েল মেডিয়াত শ্বাহৰুখ খানক নাগৰিকে প্ৰশংসাৰে উপচাই পেলাইছে।

loading...

Have any Question or Comment?

Leave a Reply

Your email address will not be published. Required fields are marked *