ভয়াৱহ গুৱাহাটীৰ পৰিস্থিতি, ৰাজ্যৰ ভিতৰতে শীৰ্ষত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা


কৰ’ণা আক্ৰান্তৰ সংখ্যাৰে ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে গুৱাহাটী মহানগৰ। আজিৰ তাৰিখলৈ গুৱাহাটীত বৰ্তমান কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৮গৰাকী। ইয়াৰে ৩৬ গৰাকী কামৰুপ মেট্ৰ’ বাকি ২ গৰাকী কামৰুপ গ্ৰাম্যৰ।

প্ৰতিদিনেই বাঢ়ি গৈ আছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। ইয়াৰে সৰহ সংখ্যকৰেই নাই কোনো ভ্ৰমণ তথ্য আনহাতে যি সকলৰ পোৱা গৈছে সেয়া অতি ভয়াবহ। সেই অনুসৰি গুৱাহাটীত আৰু অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা।

এটা আলু গুদামেই একপ্ৰকাৰ কৰ’ণাৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটীৰ বাবে। ফাঁচী বজাৰস্থিত এটা আলু গুদামৰ পৰা এজন কৰ’ণা ৰোগী আক্ৰান্ত হোৱাৰ পিছতে স্বাৱ সংগ্ৰহ কৰা হৈছিল অন্য বহু কেইজন লোকৰ। সেই লোক সকলৰ মাজতেই মাথো এটা দিনতেই ১৫ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছিল মহামাৰী কভিডৰ উপস্থিতি।

তাৰ পিছতো মহানগৰীত ঠাইয়ে ঠাইয়ে ট্ৰেভেল হিষ্ট্ৰী নথকা কেইবাজনো লোক ধৰা পৰে এই মহামাৰীত আক্ৰান্ত বুলি। আনকি এই মহামাৰীৰ পৰা সাৰি যোৱা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী কৈ চিকিৎসা বিদ্যাৰ ছাত্ৰ-ছাত্ৰী।

গুৱাহাটীত কৰ’ণা মহামাৰীত অধিক ৰোগী আক্ৰান্ত হোৱাৰ নিছিনাকৈ কণ্টেইমেণ্ট জ’নো ঘোষণা কৰা হৈছে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। পোন প্ৰথমে স্পেনিছ গাৰ্ডেন, তাৰ পিছতেই গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালৰ ১নং আৰু ৫ নং হোষ্টেল, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবাসিক এলেকা, চানমাৰীৰ অমিয় নগৰ, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছোৱালী আবাসিক এলেকা, ফাঁচী বজাৰৰ ৰাজকমল হোটেলৰ আশে পাশে, কুমাৰপাৰা, শান্তিপুৰ, ফটাশিল জি এচ কলনী, পানবজাৰ ৰে’লৱে কলনী, ৰুক্মিণী গাঁও, কটাহবাৰী, দাতালপাৰা, কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে।

Have any Question or Comment?

Leave a Reply

Your email address will not be published. Required fields are marked *