ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ স্থিতি, কৰ’ণা শতকৰ দিশে আৰু মাথো কেইটামান খোজ বাকি


অতিকে ভয়ংকৰ হৈ পৰিছে অসম ৰাজ্যৰ বৰ্তমান পৰিস্থিতি। ক্ৰমান্বয়ে আগবাঢ়িছে শতকৰ দিশে। এখন এখন কৈ এতিয়া ৰাজ্যৰ প্ৰতিখন জিলাতেই পোৱা গৈছে কভিড আক্ৰান্ত ৰোগী। এইবাৰ মহামাৰী কভিডত আক্ৰান্ত ৰোগী পোৱা গৈছে শিৱসাগৰ আৰু শোণিতপুৰতো।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজ নিশা ২.৩৩ বজাত কৰ’ণা সন্দৰ্ভত শেষৰটো টুইট যোগে এই কথা প্ৰকাশ কৰিছে। নিশাৰ ভাগত চাৰিজনকৈ লোকৰ দেহত পোৱা গৈছে কৰ’ণা ভাইৰাছ। অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি।

ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত কেইগৰাকী হৈছে, দুগৰাকী গুৱাহাটীৰ, এগৰাকী লোক শোণিতপুৰৰ আৰু আন এগৰাকী শিৱসাগৰ জিলাৰ। ৰাজ্যত বৰ্তমান ৪১গৰাকী লোক আৰোগ্য হোৱাৰ লগতে ৫০ গৰাকী চিকিৎসাধীন।

শিৱসাগৰৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ। যুৱকজন বৰ্তমান যোৰহাটৰ কোৱাৰাণ্টাইন চেন্টাৰত আছে। অৱশ্যে, ৰোগী কেইজনৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Photo Credit: madscape

Have any Question or Comment?

Leave a Reply

Your email address will not be published. Required fields are marked *