৫দিন ধৰি দিল্লীৰ মৰ্গত পৰি আছিল কৰ’ণা ভাইৰাছত আক্ৰান্ত অসমৰ অজিত শইকীয়াৰ মৃতদেহ


পত্নীৰ চিকিৎসা কৰাবলৈ গৈ দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল অজিত শইকীয়া নামৰ এজন লোকৰ। লোক জনৰ সৈতে কৰ’ণাত আক্ৰান্ত হৈছিল পত্নী সহিতে অন্য দুজনো। পিছে কৰ’ণাৰ পৰা বাকি তিনিজন সুস্থ গৈ উঠিলেও মৃত্যু হয় অজিত শইকীয়াৰ। যোৱা কালি মৃত্যুৰ বাতৰি লাভ কৰে পৰিয়ালে।

পিছে কালি মৃত্যু ঘটাৰ পিছতে পৰিয়ালৰ লোকে খা খবৰ কৰাত ওলাই পৰে এক ভয়ংকৰ ছবি। ৫ দিন পূৰ্বেই মৃত্যু ঘটিছিল শইকীয়াৰ। আৰু বিগত ৫টা দিন ধৰি দিল্লীৰ মৰ্গতে পৰি ৰৈছিল অসমৰ অজিত শইকীয়াৰ মৃতদেহ। শনিবাৰে সন্ধিয়াৰ ভাগত হে দিল্লীৰ পৰা খবৰ আহিছিল অসমৰ এজন ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি।

আনকি দিল্লীত থকা পৰিয়ালটোৰ সৈতে কোনেৱে যোগাযোগ কৰা নাছিল। বিধিসন্মতভাৱে অজিত শইকীয়াৰ প্ৰতিটো দিনৰ ৰিপৰ্টো দিয়া নাছিল পৰিয়ালক। মৃত্যুৰ খবৰ লাভ কৰি স্তম্ভিত হৈ পৰিছিল পৰিয়ালৰ সদস্য। আৰু পৰিয়ালৰ তদন্তৰ পিছতেই ওলাই আছিল এই ভয়ংকৰ তথ্য।

উল্লেখযোগ্য যে লোকজনক প্ৰথমে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ২ মে’ত প্লাজমা থেৰাপীৰ বাবে লোকনায়ক হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল শইকীয়াক।

Have any Question or Comment?

Leave a Reply

Your email address will not be published. Required fields are marked *